04
Apr
2019

নগাঁওঃ "নৰ্থ-ইষ্ট চুপাৰষ্টাৰ" শীৰ্ষক মডেলিং কনটেষ্টত উজলিল এগৰাকী নগঞা তনয়া। নগাঁৱৰ দীক্ষিতা শইকীয়া নামৰ ষোড়শী যুৱতী গৰাকীয়ে আজুৰি আনিছে এই খিতাপ।
নগাঁৱৰ ননৈৰ বিৰহী গাঁৱৰ যুৱতী দীক্ষিতাই গুৱাহাটীৰ মাছখোৱাত অনুষ্ঠিত হৈ যোৱা নৰ্থ ইষ্ট চুপাৰষ্টাৰৰ দ্বিতীয় ৰাণাৰ্ছ আপৰ খিতাপ অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে।
উল্লেখ্য যে, সমগ্ৰ উত্তৰ-পূবৰ পাঁচশৰো অধিক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। পুষ্প শইকীয়া আৰু জিলিমণি শইকীয়াৰ জীয়ৰী দীক্ষিতাই এই প্ৰতিযোগিতাত সফল হৈ ভৱিষ্যতে অভিনেত্ৰী হোৱাৰ সপোন পুহি ৰখাৰ বিষয়ে ব্যক্ত কৰে৷