মৰিগাঁওঃ দেশত পাকিস্তান সমৰ্থক সকলৰ বিৰুদ্ধে তীব্ৰ অভিযান চলি থকাৰ সময়তে সোমবাৰে ছ’চিয়েল মিডিয়াত পাকিস্তানক সমৰ্থন কৰি কৰায়ত্ত হ’ল আবুল কাছেম নামৰ মৰিগাঁৱৰ এজন যুৱক৷
মৰিগাঁৱৰ কপটিমাৰীৰ এইজন পাকিস্তানী সমৰ্থকে নিজৰ ফেচবুক একাউণ্টত পাকিস্তানী পতাকা লগাই উৰ্দু ভাষাত ভাৰত বিৰোধী মন্তব্য কৰাৰ লগতে পাকিস্তানৰ সমৰ্থনত মন্তব্য দিছিল তেওঁ৷
মৰিগাঁও আৰক্ষীয়ে এই সন্দৰ্ভত অভিযান চলাই পাকিস্তানী সমৰ্থক জনক আটক কৰি এক গোচৰ ৰুজু কৰিছে। বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷