newsnextone.com| মৰিয়নীঃ মৰিয়নী সমষ্টিৰ অসম নাগালেণ্ড সীমান্ত অঞ্চলৰ বিশেষকৈ নাগিনীজান, ৰংখাম, মগ্ৰ আদি অঞ্চল সমূহত চৰকাৰ প্ৰশাসনৰ আৰু গৃহ বিভাগৰ গা-এৰা মনোযোগ বাবে ২১ চেপ্তেম্বৰত মৰিয়নীৰ অসম নগালেণ্ডৰ সীমান্তত নগাৰ আগ্ৰাসনৰ ৰোধৰ প্ৰতিবাদত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আমৰণ অনশন আৰম্ভ কৰিছিল৷

মগ্ৰ অঞ্চলত অসম আৰক্ষীৰ (বি অ পি) স্থাপন কৰা দাবীত বিধায়ক জনৰ এই আমৰণ অনশন। ২০১৫-১৬ চনতে বিগত কংগ্ৰেছ চৰকাৰে অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ লগত আলোচনাৰ মাধ্যমেৰে চৰকাৰে মগ্ৰৈ অঞ্চলত ভূমি অনুদান দিয়ে৷ তৎসত্বেও অনুমোদনসত্বেও ন’হল (বি অ পি)টোৰ। মগ্ৰৈৰ অঞ্চলৰ দুলাল বৰুৱা পথৰ কাষত সীমান্তৱাসীক লগত লৈ বিধায়ক জনৰ এই আমৰণ অনশন উক্ত কাৰ্যসূচীত স্থানীয় বহু লোকৰ সহাৰি পোৱা পৰিলক্ষিত হয়৷

২০১৫ চনত ৰংখাম অঞ্চলত নগা অসমৰ সহজ সৰল থলুৱা ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচা কাটি তহিলং কৰিছিল৷ সেই সময়ত অসম চৰকাৰ, জিলা প্ৰশাসন, গৃহ বিভাগ আৰু নগা প্ৰশাসনৰ ত্ৰিপাক্ষিক বৈঠকৰ অন্তত অসম নগালেণ্ডৰ সীমান্তৰ (D)চেক্টৰৰ অঞ্চলত নতুনকৈ ( বি অ পি) স্থাপন কৰাৰ সিদ্ধান্ত লয়৷ যদিও কাৰ্যত সকলো ফোটোকাৰ ফেন হৈ ৰয়৷ সেয়ে যোৱাকালি বিধায়ক গৰাকীয়ে অসমত নগাৰ আগ্ৰাসনৰ প্ৰতিবাদত সমষ্টিৰবিধায়ক জনে ৰাজপথৰ কাষত আমৰণ অনশনত বহিবলৈ বাধ্য হয়৷ সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ সীমান্ত সুৰক্ষা বিভাগৰ মন্ত্ৰী গিৰিন্দ মল্লিক ৰংখাম এলেকা লৈ একাধিক বাৰ আহিছিল। তাৰপাছত ও সীমা সমস্যা সমাধান হোৱা দেখা নগ’ল৷