newsnextone.com| তেজপুৰঃ তেজপুৰৰ লোকপ্ৰিয় গোপিনাথ বৰদলৈ আঞ্চলিক মানিসক স্বাস্থ্য প্ৰতিষ্ঠানত শনিবাৰে Indian Psychiatric Society ৰ ৩৮ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়৷ Indian Psychiatric Society ৰ অসম ৰাজ্যিক শাখাৰ উদ্যোগত অনুষ্ঠিত অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় Psychopharmacology -An Ever Unfolding Front শীৰ্ষক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ৷ 

Indian Psychiatric Society ৰ অসম  ৰাজ্যিক শাখাৰ সভানেত্ৰী তথা বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ কমলা ডেকাই আলোচনা চক্ৰখনি সঞ্চালনা কৰি পিতৃ-মাতৃক অৱহেলা কৰা তথা বৃদ্ধ বয়সত নিৰ্যাতন চলোৱা ঘটনাৰ ওপৰত উদ্বিগ্নতা প্ৰকাশ কৰে৷ এই ক্ষেত্ৰত চৰকাৰে ৰূপায়ন কৰা 'প্ৰণাম' আঁচনিয়ে কিছু হলেও বঞ্চিত বৃদ্ধ পিতৃ-মাতৃক আৰ্থিক সকাহ দিব বুলি সদৰি কৰে৷

উল্লেখ্য যে, তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ নৱনিৰ্মিত সন্মিলন কক্ষত শনিবাৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিনোদ কুমাৰ জৈন, শোণিতপুৰৰ উপায়ুক্ত মনোজ কুমাৰ ডেকা, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰ কে কলিতা, জি এন আৰ চিৰ মনোৰোগ বিশেষজ্ঞ ডাঃ নাহিদ আফ্ৰিন প্ৰমুখ্যে বহু সংখ্যক বিশিষ্ট লোক তথা চিকিৎসা সেৱাৰে জড়িত ব্যক্তি উপস্থিত আছিল৷