সপোন ৰহমান শইকীয়া, মৰিয়নীঃ মৰিয়নীৰ এখন গাঁওত দেখিবলৈ পোৱা গ’ল এক ব্যক্তিক্ৰমী দৃশ্য। গাঁৱৰ ৰাইজে একেলগে মিলি ভূঁই ৰুইছে। কিন্তু শাওনৰ পথাৰত নহয়। এটা পথত ভূঁই ৰুইছে গাঁওবাসীয়ে।
বিধস্ত জৰাজীৰ্ণ পথৰ বাবে জ্বলা কলা খাই বোকাময় পথত ভূঁই ৰুই অভিনৱ প্ৰতিবাদ জনালে মৰিয়নিৰ মাজুনগঞাবাসীয়ে।
এটা পথৰ ওপৰত ব্যস্ত গাঁওৰ চহা খেতিয়ক। গাঁওৰ মাজেদি যোৱা একমাত্ৰ গড়কাপ্তানী পথটো বহু অনুনয় বিনয় কৰা সত্বেও অদ্যাপি পকী হৈ নুঠিল। প্ৰতিবছৰে বাৰিষা ৰাইজে শ্ৰমদানৰে পথটো মেৰামতি কৰি অহাৰ পিচতো চৰকাৰ কিম্বা গড়কাপ্তানি বিভাগৰ গা নলৰিল।
ইপিনে পথ নিৰ্মাণত চৰকাৰী অৱহেলাত অতিষ্ঠ হৈ সোমবাৰে বিধ্বস্ত পথটোৰ ওপৰতে ভূঁই ৰুলে গাঁওখনৰ মহিলাসকলে। গড়কাপ্তানি বিভাগৰ সুমতি কামনাৰে এনেদৰে বোকাময় পথটোত ভূঁই ৰুই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে গাঁওৰ মহিলাসকলে। আনহাতে গাঁওবাসীয়ে এইবাৰও পকেটৰ ধন খৰচ কৰি পথটোত ইটা পেলাই মেৰামতি কৰে।