নতুন দিল্লীঃ ক্ৰিকেটৰ ভগৱানৰ লগতে সকলোৰে অন্তৰ জয় কৰা শচীন তেণ্ডুলকাৰক আন এক সন্মানেৰে সন্মানিত কৰিছে আই চি চিয়ে। 

আই চি চিয়ে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰক অন্তৰ্ভুক্ত কৰিছে ‘হল অব ফেম’ত। লণ্ডনত অনুষ্ঠিত এক সমাৰোহত শচীন তেণ্ডুলকাৰৰ উপৰি দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেগী বলাৰ এলেন ড’নাল্ড আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন মহিলা বলাৰ কেথৰিনকো এই সন্মান প্ৰদান কৰা হয়। 

আই চি চিৰ মুখ্য কাৰ্যবাহী বিষয়া মনু সাহানীয়ে কয় যে আই চি চি ক্ৰিকেট হল অব ফেম ২০১৯ত শচীন, এলেন আৰু কেথৰিনৰ নাম ঘোষণা কৰা হৈছে।

অৱসৰ লোৱাৰ ৫ বছৰ পিছত শচীনক এই সন্মান প্ৰদান কৰা হয়৷

শচীন তেণ্ডুলকাৰে ২০০ টেষ্ট মেচ খেলিছে, য’ত সৰ্বাধিক ৰান আৰু টেষ্ট শতকৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। আই চি চিৰ তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰপৰা অৱসৰ লোৱা ৫ বছৰ সম্পূৰ্ণ হোৱা খেলুৱৈয়ে এই সন্মান লাভ কৰে। 

শচীন তেণ্ডুলকাৰে অন্তিমখন টেষ্ট খেলিছিল ২০১৩ চনৰ নৱেম্বৰত।

এই সন্মান লাভ কৰা শচীন তেণ্ডুলকাৰ ষষ্ঠগৰাকী ভাৰতীয় খেলুৱৈ বুলি জানিব পৰা যায়। ইয়াৰ পূৰ্বে বিষেণ সিং বেদী, কপিল দেৱ, সুনীল গাভাস্কাৰ, অনিল কুম্বলে আৰু ৰাহুল দ্ৰাবিড়ে এই সন্মান লাভ কৰিছিল৷