ডিজিটেল ডেস্কঃ দেশৰ তৰুণ-তৰুণীৰ বাবে অৱশ্যই দুঃসংবাদ হ’লেও ভাল খবৰ দিছে বিৰাট অনুষ্কাই৷ শেষ মুহূর্তত পৰিকল্পনাৰ সালসলনি ন’হলে অহা ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহতেই দীর্ঘদিনৰ প্রেমিকা তথা বলিউডৰ প্রথম শাৰীৰ নায়িকা অনুষ্কা শর্মাৰ লগত বিয়াত বহিব ক্ৰিকেটাৰ বিৰাট কোহলি৷ বিয়াৰ তাৰিখ সম্ভৱত ১২ ডিচেম্বৰ৷
কিন্তু বহুচর্চিত এই বিয়া ভাৰতত হোৱাৰ সম্ভাৱনা একেবাৰেই কম৷ হ’ব পাৰে ইটালিত৷ নাইবা ফ্লোৰেন্স বা ৰোমত৷ উল্লেখ্য যে, ইউৰোপৰ দেশবিলাকৰ মাজত ইটালিয়েই চেলিব্রিটি ৱেডিঙৰ বাবে বিখ্যাত৷ বিৰাট অনুষ্কাহতেঁও গোপনীয়তা বজাই ৰখাৰ বাবে ইটালিকে বাছনী কৰিছে সম্ভৱত৷