মাৰুতিয়ে বনালে পেট্ৰ’ল নভৰোৱাকৈ চলা মটৰ গাড়ী

 | by NNO Digital Desk  |  0
Printer-friendly version

ভাৰতৰ মটৰগাড়ী উদ্যোগত এক বৈপ্লবিক পৰিবৰ্তন 
মাৰুতি ৱাগন আৰ এতিয়া বেটাৰীত চলিব
২০২০ চনত বজাৰলৈ আহিব মাৰুতিৰ Wagon-R EV

 

newsnextone ১০অক্টোবৰঃ বিশ্বৰ মটৰগাড়ী উদ্যোগত পৰবৰ্তী বিপ্লৱ হ’বলৈ গৈ আছে আৰু এই বিপ্লৱতো হৈছে বৈদ্যুতিক বাহনৰ বিপ্লৱ৷ সমগ্ৰ পৃথিৱীৰেই দেশবোৰে পৃথিৱীখনক প্ৰদূষনমুক্ত কৰিবলৈ বিকল্প ইন্ধনৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিছ৷ আগন্তুক ২০৫০ চনৰ ভিতৰত বিশ্বৰ প্ৰদূষন ৫০ শতাংশ কমাবলৈ চেষ্টা কৰা হৈছে৷ বিশেষজ্ঞ সকলৰ মতে আগন্তুক সময়ত বিশ্বত মটৰগাড়ী কেৱল বিদ্যুত,হাইদ্ৰ’জেন আৰু আন বিকল্প ইন্ধনৰ দ্বাৰাহে চলিব.খাৰুৱা তেলৰ দিন উকলিল৷ 

বিশ্বৰ মটৰগাড়ী উদ্যোগৰ নতুন বিকল্প ইন্ধনৰ সন্ধান আৰু দিনক দিনে বাঢ়ি অহা তেলৰ দাম,প্ৰদূষন আদিয়ে জুৰুলা কৰা নাগৰিকক সকাহ দিবলৈ ভাৰতৰ আটাইতকৈ বৃহৎ মটৰ গাড়ী নিৰ্মাতা মাৰুতিয়ে নিৰ্মান কৰি উলিয়াইছে এখন অত্যাধুনিক বৈদ্যুতিক মটৰগাড়ী৷ মাৰুতিৰ এই বৈদ্যুতিক গাড়ীখনে ভাৰতৰ মটৰগাড়ী উদ্যোগত এক বৈপ্লৱিক পৰিবৰ্তন আনিব বুলি ক’ব পাৰি৷ 

এই বৈদ্যুতিক বাহনখন নিৰ্মান কৰিবলৈ কোম্পানীতোৱে জাপানৰ বৃহৎ মটৰগাড়ী নিৰ্মাতা টয়’টাৰ লগত হাত মিলাইছে৷ দুয়োটা কোম্পানীয়ে যুটীয়া ভাৱে বিকাশ কৰিবলগীয়া এই বৈদ্যুতিক গাড়ীখন প্ৰথমে ভাৰতৰ বজাৰৰ বাবে নিৰ্মান কৰা হ’ব৷ পিচলৈ লাহে লাহে বিশ্বৰ আন আন দেশলৈ ৰপ্তানি কৰা হ’ব৷

মাৰুতি আৰু টয়’টাই যুটীয়াভাৱে নিৰ্মান কৰিবলগীয়া  বৈদ্যুতিক মটৰ গাড়ীখন মাৰুতিৰ আটাইতকৈ জনপ্ৰিয় মডেল ৱাগন আৰ(Wagon-R) গাড়ীখনকলৈ নিৰ্মান কৰা হ’ব৷ এই নতুন গাড়ীখনৰ নাম Wagon-R EV ৰখা হৈছে৷ ইতিমধ্যেই কোম্পানীটোৱে পৰীক্ষামুলকভাৱে ৫০ খন Wagon-R EV মটৰ গাড়ী নিৰ্মান কৰি উলিয়াইছে৷ কোম্পানীটোৱে নিৰ্মান কৰি উলিওৱা এই ৫০খন Wagon-R EV মটৰগাড়ী ইতিমধ্যে দিল্লী আৰু দেশৰ বিভিন্ন ঠাইলৈ লৈ গৈ পৰীক্ষামুলক ভাৱে চলাই থকা হৈছে৷

Wagon-R EV মাৰুতি কোম্পানীৰ প্ৰথমখন বৈদ্যুতিক মটৰগাড়ী হ’ব৷ এই মটৰগাড়ীখনক ৭২ ভল্টৰ বৈদ্যুতিক সা-সজুলিৰ দ্বাৰা শক্তি প্ৰদান কৰা হ’ব আৰু ইয়াৰ বেটাৰীবোৰ লিথিয়াম-আয়ন (lithium-ion battery) বেটাৰী হ’ব৷ সাধাৰন লীড-এচিড(lead–acid) বেটাৰী বোৰৰ ওজন বহুত বেছি আৰু কাৰ্য্যক্ষমতা বহুত কম,সেইকাৰনে বৈদ্যুতিক মটৰগাড়ীবোৰত লিথিয়াম-আয়ন (lithium-ion battery) বেটেৰী ব্যৱহাৰ কৰা হয়৷ 

সকলো ঠিকে ঠাকে চলিলে মাৰুতিৰ এই Wagon-R EV বৈদ্যুতিক মটৰগাড়ীখন অহা ২০২০ চনত ভাৰতৰ বজাৰলৈ আহিব বুলি আশা কৰিব পাৰি আৰু ভাৰতে সম্পূৰ্নভাৱে ভাৰতত নিৰ্মিত সৰ্বসাধাৰনে সহজে কিনিব পৰা আৰু চলাব পৰা প্ৰদূষন মুক্ত এখন বৈদ্যুতিক মটৰগাড়ী লাভ কৰিব বুলি আশা কৰিব পাৰি৷