তিনিচুকীয়াঃ ‘মোৰ চকুৰ আগতে ছটফটাই নিথৰ হৈ পৰিছিল ৩টাকৈ কেৰ্কেটুৱা। অলপ দূৰৈতে কেবাটাও চৰাই ধৰফৰাই আছিল। জোপোহা গছজোপা নিমিষতে জুইয়ে ছানি ধৰিছিল। তাতেই আছিল এহাল চৰাইৰ বাহ। দুদিন আগতে বাহটোত কণী ফুটি পোৱালি জাগিছিল। গৰু চৰাবলৈ যাওঁতে চৰাইহালক প্ৰায়েই মন কৰিছিলো। চৰাইহাল আৰু পোৱালিকেইটা ছাই হৈ গ’ল।’-NNOৰ আগত এইদৰে কয় গেছ নিৰ্গত হৈ ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হোৱা তিনিচুকীয়াৰ বাঘজানৰ সমীপৱৰ্তী মাগুৰি-মতাপুং বিলৰ এজন স্থানীয় বাসিন্দাই।
এনেদৰে এতিয়া কৰ’নাৰ লগতে জুইৰ আতংকত ভুগিছে তিনিচুকীয়াবাসীয়ে৷ অইল ইণ্ডিয়াৰ (Oil India Limited) চূড়ান্ত হেমাহিৰ বাবে উজনি অসমৰ জিলাখনৰ বাঘজানত এতিয়া জুইত জাহ গৈছে অতিকমেও ৬০ টাকৈ বাসগৃহ। জুইত দুটাকৈ নামঘৰ সম্পূৰ্ণৰূপে জাহ যোৱাৰো বাতৰি পোৱা গৈছে। এই অগ্নিকাণ্ডত ৪জনকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে কম-বেছি পৰিমাণে ১০ জনতকৈও অধিক লোক আঘাতপ্ৰাপ্ত হৈছে বুলি সদৰী কৰিছে স্থানীয় লোকসকলে।