বিশেষ প্ৰতিবেদনঃ তিনিচুকীয়াৰ বাঘজানৰ তৈল খাদক লৈ দুসপ্তাহ পূৰ্বে সকলোৱে যি আশংকা কৰি আহিছিল অৱশেষত সেয়াই হ’ল। যোৱা ২৭ মে’ত তৈলখাদটোৰ পৰা গেছ নিৰ্গত হওতেই তৎপৰতাৰে সেয়া বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে অইল কৰ্তৃপক্ষ তথা চৰকাৰ-প্ৰশাসনে পোষণ কৰি অহা গা এৰা দিয়া মনোভাৱৰ অন্তত আজি দুপৰীয়া দাউদাউকৈ জ্বলি উঠে বাঘজান।
ভয়াৱহ ৰূপ ধাৰণ কৰা এই অগ্নিকাণ্ড নিৰ্বাপণ তথা গেছ নিৰ্গমনৰ সমস্যা সমাধান কৰিবলৈ অইলে আৰু ৫ দিনৰ সময় লাগিব বুলি কোৱাৰ বিপৰীতে ছিংগাপুৰৰ অহা বিশেষজ্ঞৰ দলৰ মতে ইয়াৰ বাবে প্ৰয়োজন হ’ব পাৰে অতি কমেও ৪ সপ্তাহৰ। এনে পৰিপ্ৰেক্ষিতত ‘চোৰ গ’লে বুধি, বৰষুণ গ’লে জাপি’ নীতিৰ কাম কৰি অহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১৪ দিন নীৰৱে থকাৰ অন্তত আজি কেন্দ্ৰ চৰকাৰক সহায় বিচাৰি কাকুতি-মিনতি কৰি বাঘজানৰ স্থানীয় ৰাইজ তথা সমগ্ৰ তিনিচুকীয়াবাসীক আতংকিত নহ’বলৈ আহ্বান জনালেও উক্ত আহ্বানক লৈ কোনো লোক আশ্বস্ত হ’ব পৰা নাই।