newsnext.com।গুৱাহাটীঃ সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ সপ্তম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সন্মিলনখন গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত শনি আৰু দেওবাৰে গুৱাহাটীৰ শিল্পগ্ৰাম প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। 

ৰাষ্ট্ৰযন্ত্র আৰু আগ্ৰাহী ভাৰতীয় সমাজৰ অবিৰত শোষণ-লুন্ঠন আৰু বিদেশীৰ অবাধ প্ৰবজনৰ ফলশ্ৰুতিত মেৰুদণ্ড ভাগি পৰা উওৰ-পূৰ্বাঞ্চলৰ পাহাৰ ভৈয়ামৰ ভূমিপুত্র সকলে এনে ভয়ংকৰ প্ৰত্যাহ্বানৰ মুখামুখী হ'বলৈ সন্মিলিত উওৰ পূৰ্বাঞ্চলীয় শক্তিৰ একক প্ৰচেষ্টাৰ প্ৰয়োজন বুলি পৰিষদে গণ্য কৰি আহিছে । 

আনহাতে সাম্প্ৰতিক সময়ত সংকটাপূৰ্ণ মটক জনগোষ্ঠীৰ অস্তিত্ব বৰ্তাই ৰখা আৰু সাংবিধানিক, ৰাজনৈতিক, পিতৃভূমি ভূ-সম্পদৰ অধিকাৰ সাব্যস্তকৰণ কৰিবৰ বাবে বজ্ৰকঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে সমাজ জীৱন সময়োপযোগী হোৱাকৈ গঢ় দিয়াকে ধৰি সৰ্বদিশৰ উপায় উদ্ভাৱনাৰ হেতু প্ৰতিষ্ঠা  দিৱসখনি অতিকে গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হয়।

প্ৰতিষ্ঠা দিৱসৰ পতাকা উওোলন কৰে মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা আৰু স্মৃতি তৰ্পণ কৰে পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই। দেওবাৰে পুৱা বৃক্ষ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ  কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱাই, সহযোগ কৰে পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা আৰু আমছুৰ ডিূ্ব্ৰুগড় জিলাৰ উপদেষ্টা চফি আলম খানে। 

উদযাপন সমিতিৰ মুখ্য সম্পাদক শৈলেন কুমাৰ বৰুৱাই আঁতধৰা মুকলি সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি তথা চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই। অনুষ্ঠানত বিশিষ্ট বুৰঞ্জীবিদ তথা লেখক শ্ৰীকুমাৰ দহোটিয়াই মটক জনগোষ্ঠীৰ উওৰণ তথা সুৰক্ষাৰ বাবে আত্ম বলিদান কৰা বীৰ শ্বহীদ সকলৰ নামত উচৰ্গা কৰা বেংমৰা নামৰ এখন গ্ৰন্থ  উন্মোচন কৰে।

আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয়,"অসমৰ সকলো জনগোষ্ঠীয়ে সাংস্কৃতিক বৈচিত্র বজাই ৰাখিব নোৱাৰিলে অসমীয়া জাতি নাবাচে।

উক্ত মুকলি সভাত দৈনন্দিন বাৰ্তাৰ সম্পাদক শংকৰ গোহাঁই, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক অৰুণ হাজৰিকা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, সদৌ মৰাণ ছাত্র সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰুণজ্যোতি মৰাণ, মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা চাবুৱাৰ বিশিষ্ট সমাজ কৰ্মী মৃদুল ৰাজখোৱা, সদৌ দেউৰী ছাত্র সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰাঞ্জল দেউৰী, কাৰ্বি ছাত্র সন্থাৰ কেন্দ্ৰীয় সভাপতি চেমচন টেৰণ, কোচ ৰাজবংশী ছাত্র সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গকুল বৰ্মন, তিনিচুকীয়া বিশিষ্ট শিল্পী চন্দ্ৰকান্ত ফুকনৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যথেষ্ট সংখ্যক ৰাইজ উপস্থিত থাকে ।