Home কেৰিয়াৰবৰনগৰ মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় গণিত দিৱস পালন

বৰনগৰ মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় গণিত দিৱস পালন

by News Desk
A+A-
Reset
ganit

গুৱাহাটীঃ অসম গণিত শিক্ষায়তন,বৰপেটা শাখাৰ উদ্যোগত আৰু বৰনগৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহযোগত সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত আন্ত:ৰাষ্ট্ৰীয় গণিত দিৱস অনুষ্ঠিত কৰা হয়৷ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমবেত সংগীতেৰে আৰম্ভ কৰা অনুষ্ঠানটোৰ সভাপতিত্ব কৰে অসম গণিত শিক্ষায়তন, বৰপেটা শাখাৰ সভাপতি তথা বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বীৰেন কুমাৰ চক্ৰৱৰ্তীয়ে৷

অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বৰনগৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰকাশ কৰি উলিওৱা “MATHOPEDIA” নামৰ এখন প্ৰাচীৰ প্ৰত্ৰিকাও উন্মোচন কৰা হয়৷ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম গণিত শিক্ষায়তন, বৰপেটা শাখাৰ সম্পাদক তথা বৰনগৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক দুলাল চন্দ্ৰ দাসে৷ মহাবিদ্যালয়ৰ সমীপৱৰ্তী বহুকেইখন শিক্ষানুষ্ঠানৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰি তোলা এই অনুষ্ঠানটোত উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি বৰনগৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° প্ৰকাশ কুমাৰ শৰ্মা আৰু কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিত বিষয়ৰ শিক্ষক তথা অসম গণিত শিক্ষায়তন,বৰপেটা শাখাৰ উপ-সভাপতি ৰাজেন চন্দ্ৰ ৰয়ে গণিতৰ উপযোগিতা সন্দৰ্ভত ভাষণ আগবঢ়ায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0