Home গুৱাহাটীহিতাধিকাৰীয়ে আমাৰ এটা প্ৰজন্মক কৰ্মহীন কৰিব, পষেকীয়া বাৰ্তালোচনী ‘মাটিৰ মানুহ’ৰ প্ৰস্তাৱনা সংখ্যা উন্মোচন

হিতাধিকাৰীয়ে আমাৰ এটা প্ৰজন্মক কৰ্মহীন কৰিব, পষেকীয়া বাৰ্তালোচনী ‘মাটিৰ মানুহ’ৰ প্ৰস্তাৱনা সংখ্যা উন্মোচন

by News Next One
A+A-
Reset

গুৱাহাটীঃ পষেকীয়া বাৰ্তালোচনী ‘”মাটিৰ মানুহ”ৰ দ্বিতীয় খোজৰ প্ৰস্তাৱনা সংখ্যা বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হয়। প্ৰয়াত নিবাৰণ বৰা ( উপদেষ্টা), প্ৰয়াত ননীকান্ত বৈশ্য (প্ৰতিষ্ঠাপক সঞ্চালক) আৰু প্ৰয়াত গৌৰীশংকৰ ভট্টাচাৰ্য (উপদেষ্টা)ৰ উদ্যোগত এই পষেকীয়া বাৰ্তালোচনীখন ১৯৯২ চনৰ ১৪ এপ্ৰিলত প্ৰকাশ পাইছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে ২০০৮ ৰ পৰা কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰিছিল। কিন্তু বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক অনুষ্ঠানত পষেকীয়া বাৰ্তালোচনীখন পুনৰ উন্মোচন কৰা হয়। উন্মোচন কৰে বিশিষ্ট কৃষক হৰি কাকতিয়ে।

জ্যেষ্ঠ সাংবাদিক চন্দ্ৰ কুমাৰ শইকীয়াই সভাপতিত্ব কৰা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে “মাটিৰ মানুহ”ৰ শীৰ্ষক গীতৰ ৰচক তথা গণ শিল্পী মহেন্দ্ৰ হাজৰিকা, সংগ্ৰামী নেতা সোণমণি দত্ত, সমাজকৰ্মী আৰু পদ্মশ্ৰী প্ৰাপক অজয় কুমাৰ দত্ত, সমাজকৰ্মী প্ৰণৱজ্যোতি দত্ত, মানৱ অধিকাৰ কৰ্মী আব্দুৰ ৰহমান, জাতী়তাবাদী নেতা চৰণ ডেকা, প্ৰসিদ্ধ খেতিয়ক দেবেন কলিতা, প্ৰকৃতিবিদ ভুৱনেশ্বৰ শৰ্মা, লেখক শংকৰ শইকীয়া, সমাজকৰ্মী মিনতি শৰ্মা। অনুষ্ঠানত মাটিৰ মানুহ”ৰ শীৰ্ষক গীতটো উন্মোচন কৰে মানস শৰ্মাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0