চাবুৱাঃ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি ২১ জুনত আদিত্য খাখলাৰী নেতৃত্বাধীন জনজাতীয় সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা অসম বন্ধৰ বিৰোধিতা কৰিছে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে৷ সংগঠনটোৰ কেন্দ্ৰীয় উপ-সভাপতি ডেভিদ চেতিয়া আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰঞ্জিত গোঁহায়ে এক বিবৃতি যোগে জনজাতিকৰণ মটক জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্য আৰু জন্মগত অধিকাৰ বুলি কৈ কোনো খাখলাৰীয়ে বিৰোধিতা কৰাৰ অধিকাৰ নাই বুলি কয়।
মটক জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ যষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত নকৰা প্ৰৰ্যন্ত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন ক্ষান্ত নহয় আৰু বিৰোধিতা কৰা সকলক জাতিদ্ৰোহী বুলি ভাবিবলৈ বাধ্য হ’ব বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৱে। আদিত্য খাখলাৰীক ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মূল হেঙাৰো আখ্যা দিয়ে সংগঠনটোৱে।