গুৱাহাটীঃ আজি বিশ্ব মে’ দিৱস৷ শ্ৰমিকৰ অধিকাৰৰ দাবীত প্ৰতিবছৰে পহিলা মে’ৰ দিনটো পালন কৰা হয় বিশ্ব শ্ৰমিক দিৱস হিচাপে৷ মে’ দিৱস উপলক্ষে এটা দিনৰ বাবে শ্ৰমিক সকলে নিজৰ অধিকাৰৰ দাবীত কামৰ পৰা বিৰত থাকি বিভিন্ন কাৰ্যসূচী পালন কৰা দেখিবলৈ পোৱা যায়৷
বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো বিভিন্ন অঞ্চলত আজি মে’ দিৱস পালন কৰা দেখিবলৈ পোৱা যায়৷ মঙলবাৰে মে’ দিৱস উপলক্ষে মহানগৰীত বাইক ৰেলী, সমদল, বাহনত উঠি বিভিন্ন শ্ল’গান দি নিজন অধিকাৰৰ বাবে ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হয়৷