গুৱাহাটীঃ আজি বিশ্ব মে’ দিৱস৷ শ্ৰমিকৰ অধিকাৰৰ দাবীত প্ৰতিবছৰে পহিলা মে’ৰ দিনটো পালন কৰা হয় বিশ্ব শ্ৰমিক দিৱস হিচাপে৷ মে’ দিৱস উপলক্ষে এটা দিনৰ বাবে শ্ৰমিক সকলে নিজৰ অধিকাৰৰ দাবীত কামৰ পৰা বিৰত থাকি বিভিন্ন কাৰ্যসূচী পালন কৰা দেখিবলৈ পোৱা যায়৷

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো বিভিন্ন অঞ্চলত আজি মে’ দিৱস পালন কৰা দেখিবলৈ পোৱা যায়৷ মঙলবাৰে মে’ দিৱস উপলক্ষে মহানগৰীত বাইক ৰেলী, সমদল, বাহনত উঠি বিভিন্ন শ্ল’গান দি নিজন অধিকাৰৰ বাবে ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হয়৷

শ্ৰমিক দিৱসৰ নাম লৈ মহানগৰীত হিংসাত্মক ঘটনা সংঘটিত হোৱাও পৰিলক্ষিত হৈছে৷ মহানগৰীত শ্ৰমিক দিৱস উপলক্ষে চিটিবাছ তথা অন্যান্য যাত্ৰীবাহী বাহনৰ চলাচল বন্ধ থাকে যদিও তাৰ মাজতে কিছুসংখ্যক সুবিধাবাদী চালকে অইন বাহনৰ চলাচল বন্ধ থকাৰ সুবিধা লৈ চলাচল কৰা দেখা যায়৷ ইফালে মে’ দিৱসৰ দিনা কিছুসংখ্যক বাহনে যাত্ৰীৰ পৰা দুগুণ ভাড়া আদায় কৰাৰো অভিযোগ উত্থাপন কৰিছে একাংশ যাত্ৰীয়ে৷ আনহাতে মহানগৰীৰ বাছস্থান সমূহত যাত্ৰীয়ে ভিৰ কৰি থকা দেখিবলৈ পোৱা যায়৷ 

শ্ৰমিক দিৱসৰ দিনা যাত্ৰীবাহী বাহনৰ চলাচল বন্ধ ৰখাৰ দাবীত মহানগৰীত একাংশ যুৱকে বাহনত আক্ৰমণ কৰা বুলিও জানিব পৰা গৈছে৷ জানিব পৰা মতে, মে’ দিৱসৰ দিনাখনেই মহানগৰীৰ নাৰেংগীত বাহনৰ চলাচল বন্ধ ৰখাৰ দাবীত যুৱকৰ এটা দলে চলন্ত বাহন ৰখাই কেইবাখনো বাহনৰ ক্ষতিসাধন কৰাৰ লগতে চালক আৰু হেণ্ডিমেনক মাৰধৰ কৰা বুলি জানিব পৰা গৈছে৷