Home ৰাজ্যদুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ পবিতৰা মহোৎসৱ

দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ পবিতৰা মহোৎসৱ

by News Desk
78 views
A+A-
Reset

পবিতৰাঃ অসম চৰকাৰৰ পৰ্যটন বিভাগৰ প্ৰত্যক্ষ সহযোগত তন্ত্ৰ মন্ত্ৰৰ বাবে বিখ্যাত আৰু পবিতৰা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ সমীপৰ মায়ঙৰ হিলৈখুন্দাত, বৰ লুইতৰ শুভ্ৰ বালিচৰত আৰম্ভ হৈছে Mayong Pabitora Enchants শীৰ্ষক এক বৰ্ণাঢ্য পৰ্যটন উৎসৱ।ভাৰতীয় ষ্টেট বেংক আৰু বহুকেইটা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৃষ্ঠপোষকতাৰে আৰম্ভ হোৱা এই উৎসৱৰ শনিবাৰে শুভাৰম্ভ কৰে অসমৰ পৰ্যটন মন্ত্ৰী নৱ বুমাৰ দলেই।ব্ৰহ্মপুত্ৰৰ বালিচৰত সুপৰিকল্পিত ভাবে আয়োজন কৰা হৈছে চিলা উৰুওৱা,চাইক্লিঙ,আৰ্চাৰী,পেৰা গ্লাইডিং, নাওখেল আদি দুঃসাহসিক ক্ৰীড়া।এই সমূহৰ লগতে প্ৰদৰ্শনীৰ ৰূপত উন্মোচিত কৰা হৈছে ঐতিহ্যমন্ডিত মায়ঙৰ কলা কৃষ্টি, সংস্কৃতি। সমান্তৰালভাৱে জনজাতীয় কৃষ্টি সংস্কৃতি, কৃষি সজুলি প্ৰদৰ্শন কৰিবলৈ স্থাপন কৰা হৈছে ক্ষুদ্ৰ জনজাতীয় গাঁৱৰ প্ৰতিকী সংস্কৰণ।ইফালে, ব্যাপক উৎসাহ আৰু চৰকাৰী সহযোগিতাৰে আৰম্ভ হোৱা এই মহোৎসৱৰ সমান্তৰালভাৱে মায়ঙত আৰম্ভ হৈছে ব্যাপক প্ৰতিক্রিয়াৰো। মায়ঙৰ সাতামপূৰুষীয়া কৃষ্টি সংস্কৃতিয়ে পৰ্যাপ্ত গুৰুত্ব নোপোৱাৰ অভিযোগ তুলিছে একাংশ মায়ংবাসীয়ে। লোক সংস্কৃতিৰ গৱেষক, লেখক, মায়ঙৰ বিশিষ্ট নাগৰিক লোকেন্দ্ৰ হাজৰিকাই এই সন্দৰ্ভত প্ৰতিক্রিয়া ব্যক্ত কৰি কয় যে, “এনে ধৰণৰ আয়োজনৰ প্ৰতি মায়ঙবাসীয়ে তীক্ষ্ন দৃষ্টি ৰাখিছে। এই আয়োজনে মায়ঙৰ বৰ্ণাঢ্য সংস্কৃতিৰ প্ৰকৃত প্ৰতিফলন ঘটাব পাৰিলে তাক জনসাধাৰণে সদায় আদৰণি জনাব যদিও মায়ঙৰ লোক কলা-সংস্কৃতিৰ বিকৃতি অথবা ইয়াক এলাগী কৰা পৰিবেশৰ সৃষ্টি হলে মায়ঙবাসীয়ে সময়ত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাব।”

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0