Home বিনোদন‘পদ্মাৱতী’ৰ শ্বুটিং বন্ধ, কৰণী সেনাৰ প্ৰতিবাদ

‘পদ্মাৱতী’ৰ শ্বুটিং বন্ধ, কৰণী সেনাৰ প্ৰতিবাদ

by webmaster
0 comments
A+A-
Reset
sanjoy padmaboti

সঞ্জয় লীলা ভাঞ্চালীৰ নতুন ছবি ‘পদ্মাৱতী’ৰ শ্বুটিঙক লৈ শুকুৰবাৰে তীব্ৰ বিৰোধিতা কৰে কৰণী সেনাই। ছবিখনত ৰাণী পদ্মাৱতীক আলাউদ্দিন খিলজীৰ প্ৰেমিকা সজোৱা আৰু কিছু মিছা তথ্য উপস্থাপন কৰাৰ অভিযোগত নিৰ্দেশকগৰাকীক অপব্যৱহাৰ কৰাৰ লগতে দৃশ্যগ্ৰহণৰ স্থানতো আক্ৰমণ চলায় সংগঠনটোৱে। এই ঘটনাৰ পিছতে সঞ্জয় লীলা ভাঞ্চালীয়ে ৰাজস্থানত ছবিখনৰ শ্বুটিং বন্ধ কৰি দিয়ে। প্ৰাপ্ত তথ্য অনুসৰি ছবিখনৰ সমূহ কলা-কূশলী উভতি যাব মুম্বাইলৈ। উল্লেখযোগ্য যে নিৰ্দেশক ভাঞ্চালীয়ে কিছু বিশেষ মুহূৰ্তৰ দৃশ্যগ্ৰহণ কৰিবলৈ আহিছিল জয়পুৰলৈ। শুকুৰবাৰে দুপৰীয়া ১২ বজাত ছবিখনৰ দৃশ্যগ্ৰহণ চলি থকা সময়তে কৰণী সেনাৰ কৰ্মকৰ্তাই আহি উপদ্ৰৱ চলায়। লগে লগে উক্ত স্থানত এক আতংকময় পৰিস্থিতিৰ সৃষ্টিৰ হয়। এই ঘটনাৰ পিছতে অঞ্চলটোত ছবিৰ দৃশ্যগ্ৰহণৰ কাম নকৰাৰ সিদ্ধান্ত লয়। আনহাতে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা দিপীকা পাডুকন আৰু শ্বাহিদ কাপুৰৰ চৰিত্ৰ গোপনে ৰাখিবৰ বাবে বহুদিন আগৰ পৰা নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্ব দিছিল। ইতিমধ্যে এই ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ৫জনকৈ লোকক আটক কৰিছে। ইফালে কৰণী সেনাৰ অধ্যক্ষ নাৰায়ণ সিঙে কয় যে ছবিখনত কিছু ভুৱা তথ্য সন্নিৱিষ্ট কৰাৰ বাবে এনেদৰে সকীয়াই দিয়ে ছবিখনৰ কলা-কুশলীসকলক।

webmaster
Author: webmaster

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0