বিশ্ব ক্ৰিকেটত এক অভাৱনীয় আলোড়ন তুলিছে আই.চি.চি ৰ শেহতীয়া এদিনীয়া ক্ৰিকেট দলৰ ৰেংকিং তালিকাই। তালিকাৰ অষ্টম স্থানত থকা পাকিস্তান দলটোৱে ২০১৯ চনৰ ইংলেণ্ডত অনুষ্ঠিত হ’ব লগা বিশ্বকাপ প্ৰতিযোগিতালৈ পোনপটীয়া যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱাটো এক প্ৰকাৰ নিশ্চিত হৈছে। ক্ৰিকেটৰ বিশ্ব সংস্থাটোৱে আগন্তুক বিশ্বকাপ প্ৰতিযোগিতাৰ বাবে কেৱল ১০ টা দলক হে বাছনি কৰিব, য’ত আয়োজক দেশ ইংলেণ্ড আৰু এদিনীয়া ৰেংকিংৰ প্ৰথম ৭ টা দলে পোনপটীয়া যোগ্যতা লাভ কৰিব। বাকী থকা স্থানৰ বাবে অন্যান্য দল সমূহে অহা বছৰ বাংলাদেশত অনুষ্ঠিত হব লগা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী প্ৰতিযোগিতাত ভাগ ল’ব লাগিব৷ শেহতীয়া তালিকাত ৮৯ পইন্টেৰে বাংলাদেশতকৈও তলত থকা ১৯৯২ চনৰ বিশ্বকাপ বিজয়ী দলটোৰ বাবে এয়া অস্বস্তিকৰ হিচাবে বিবেচিত হৈছে।
173
previous post