72
জাগীৰোডঃ ৰাজ্য জুৰি হোলীৰ আনন্দ উলাহ। এনে আনন্দ উলাহৰ সময়তে বৃহস্পতিবাৰে মায়ঙৰ চনকাত ব্ৰহ্মপুত্ৰত পৰি সলিল সমাধি ঘটে এজন যুৱকৰ। মৃত্যু হোৱা যুৱকজনৰ নাম জাগীৰোড শিলভঙাৰ শিৱম গাড়া।
কালি দুপৰীয়া জাগীৰোডৰ পাঁচ জন বন্ধুৰ সৈতে হোলীত আনন্দ কৰি বিভিন্ন ঠাই ঘূৰি-পকি চনকালৈ ফুৰিব গৈছিল। আন আন ঠাইৰ লগতে মায়ঙৰ সমীপৰ গৰঙ্গা মন্দিৰ পৰিদৰ্শন কৰি পাঁচ বন্ধুৱে আবেলি সময়ত দূৰ্গ চনকালৈ গৈছিল ব্ৰহ্মপুত্ৰ চাবলৈ।