মুছলপুৰঃ “আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল”ৰ লেখিয়া হৈছে ৰাজ্যৰ বহু চিকিৎসালয়৷ এতিয়া বহু চিকিৎসালয় নামতহে কামত হলে নাই৷ সমথাপন কৰিব লাগে বাবে কৰিলে৷ কিন্তু তাৰ পৰিচৰ্যা নকৰিলে চৰকাৰে৷ কিয়নো চৰকাৰ সলনি হোৱাৰ লগে লগে আঁচনিও সলনি হয়৷ পুৰ্বৰ চৰকাৰে কৰি থৈ যোৱা কামবোৰক আন দলে চৰকাৰ গঠন কৰিলে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷
১৫ বছৰীয়া কংগ্ৰেছৰ শাসন কালত তথা তৰুণ গগৈ মন্ত্ৰী সভাত ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য মন্ত্ৰী হৈ আছিল৷ তদানীন্তন স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত কেবাখনো প্ৰাথমিক স্বাস্থ কেন্দ্ৰ তথা উপ-স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰিছিল৷ আজিও ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ এনে বহু স্বাস্থ্য কেন্দ্ৰ ওলাব৷ কিন্তু চুন-তেল সানি থোৱাই আছে যদিও চিকিৎসকৰ অভাৱত, স্বাস্থ্য কৰ্মীৰ অভাৱত জহি খহি যাব আৰম্ভ কৰিছে প্ৰাথমিক স্বাস্থ কেন্দ্ৰ তথা উপ-স্বাস্থ্য সমূহ।