newsnextone.com | বোকাজানঃ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে কাৰ্বি আংলঙৰ জ্যেষ্ঠ নাগৰিকে সোমবাৰে এখন নাগৰিক সভা অনুষ্ঠিত কৰে৷ কাৰ্বি আংলঙৰ ডকমকাৰ পাঞ্জুৰী নামৰ গাঁৱত একাংশ লোকে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপাধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনাৰ বিৰুদ্ধে নাগৰিক সভা অনুষ্ঠিত কৰি কাৰ্বি আংলংঙ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিকে ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে৷
দুই শিল্পী, প্ৰতিভাৱান যুৱকক সোপাধৰাৰ সন্দেহত নিৰ্মমভাৱে হত্যা কৰা ঘটনাৰ পিছৰে পৰা কাৰ্বি আংলঙৰ প্রান্তে প্রান্তে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে৷ বোকাজান মহকুমাত বিভিন্ন কাৰ্বি জাতীয় দল-সংগঠনৰ সহযোগত স্থানীয় ৰাইজে শান্তিৰ পৰিবেশ বৰ্তাই ৰাখিবলৈ নাগৰিক সভা অনুষ্ঠিত কৰাৰ লগতে দুৰ্ভগীয়া যুৱকৰ আত্মাৰ চিৰ শান্তিৰ কামনাৰ্থে মৌন প্ৰাৰ্থনা কৰে।