87
newswnextone.com | গুৱাহাটীঃ যোৱা কেইবাটাও বছৰ ধৰি ৰাজ্যৰ সংবাদজগতত বিকল্প মাধ্যম হৈ থিয় দিয়া ৱেব মিডিয়াৰ সংবাদ গোষ্ঠী আৰু সাংবাদিকসকল বিভিন্ন সমস্যাৰে যুঁজ দি আহিছে৷ চৰকাৰে ৱেব মিডিয়াৰ সংবাদ গোষ্ঠী আৰু সংবাদিকসকলক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ সমগ্ৰ বিশ্বই আকোৱালি লোৱা ৱেব মিডিয়াৰ ধাৰণা অসমৰ গাঁৱে-ভূঞে আৰু চহৰত ব্যাপক জনপ্ৰিয় হৈ পৰিছে৷
