ঢেকীয়াজুলিঃ সমাজৰ বিভিন্ন দিশত সেৱা আগবঢ়াই দেশ-দহৰ বাবে কাম কৰা শোণিতপুৰ জিলাৰ ১০০গৰাকী বিশিষ্ট লোকক ঢেকীয়াজুলিৰ আদৰ্শ ছহীদ গাঁৱত সম্বৰ্ধনা জনাই এক ইতিহাসৰ সৃষ্টি কৰে৷ গাঁও খনৰ শ্বহীদ মনবৰ নাথ স্মৃতি ন্যাসে অঞ্চলটোৰ শিক্ষাবিদ, শিল্পী, সাংবাদিক, সমাজকৰ্মী আৰু মুক্তিযুজাৰু পৰিয়ালৰ সদস্যক স্মৃতি ন্যাসে ৰাজহুৱা ভাবে সম্বৰ্ধনা জনায়৷
২৮ জানুৱাৰীৰ দিনৰ ১১ বজাত জহামাৰী নামঘৰৰ সমীপৰ সভাকক্ষত মনবৰ নাথ স্মৃতি ন্যাসৰ উদ্যোগত অনুষ্ঠিত কৰা বিশেষ সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ডম্বৰুধৰ নাথে৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ঢেকীয়াজুলিৰ প্ৰাক্তন বিধায়ক হিৰন্য বৰাই৷ বৰাই ভাৰতৰ স্বাধীনতা সংগ্ৰামত জীৱন আহুতি দিয়া ১৯৪২ৰ মহান ছহীদ মনৱৰ নাথক সোঁৱৰি দেশ প্ৰেম আৰু ত্যাগৰ সমুজ্জ্বল নিদৰ্শন দাঙি ধৰি মনৱৰ নাথে এই ভূমিক পবিত্ৰ কৰি থৈ যোৱা বুলি কয়৷