বৰপেটাঃ মানৱ সম্পদ গঢ়াৰে দেওবাৰে ‘এৰোমা ইংলিছ স্কুল’ নামৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ শুভ মুকলি কৰা হয়। জ্যেষ্ঠ সাংবাদিক ফৰহাদ ভূঞাক পৰিচালক হিচাপে লৈ স্থানীয় সাত গৰাকী শিক্ষিত যুৱক একত্ৰিত হৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়খন শতাধিক শিশু ছাত্ৰ-ছাত্ৰীক নাম ভৰ্তি কৰাই দেওবাৰে বিদ্যালয়খনৰ শুভাৰাম্ভ কৰে। বিদ্যালয়খনৰ শুভ উদ্বোধন কৰে গুৱাহাটীস্থ এন এফ ল’ কলেজৰ সঞ্চালক তথা গণ অধিকাৰ কাকতৰ মুখ্য সম্পাদক ড০ জাকিৰ হুছেইনে।
ড০ জাকিৰ হুছেইনে বিদ্যালয়খন উদ্বোধন কৰি দিয়া ভাষণত আধুনিক এই বিশ্বায়নৰ প্ৰতিযোগিতাৰ যুগত ইংৰাজী ভাষাক গুৰুত্ব দিয়াৰ কোনো বিকল্প নাই বুলি কয়। নিজৰ মাতৃভাষাটোক গুৰুত্ব দিয়াৰ লগে লগে ইংৰাজী মাধ্যমত লৰা-ছোৱালীক শিক্ষা দানৰ ব্যৱস্থা নকৰিলে অদূৰ ভৱিষ্যতে নিজৰ সন্তানেই এটা সময়ত পিতৃ-মাতৃক জগৰীয়া কৰিব।