65
খজুৱতি উঠিলেও খজুৱাবলৈ ভয়। কিজানিবা পুলিচে আহি ধৰি নিয়েই! ‘যন্ত্ৰণাত ৰাতি টোপনি নাহে। কেৱল কান্দো আৰু কান্দো। এনে লাগে যেন গাত কোনোৱে বিহ জলকীয়াহে সানি দিছে। এনেকৈ থকাতকৈ আমাক ভগৱানে মাৰি নিয়াই ভাল।’-ভয়াৰ্ত কণ্ঠে এইদৰে ক’লে এগৰাকী মহিলাই। মহিলাগৰাকীৰ কোলাত আছে এটি কেচুৱা। কান্দি কান্দি ভাগৰি পৰা কেচুৱাটিৰো একেই দশা।