57
শ্বিলংঃ ক্ৰমান্বয়ে আকৰ্ষণীয় হ’ব ধৰিছে মেঘালয় নিৰ্বাচনী যুঁজ৷ কেন্দ্ৰৰ শাসকীয় দল বিজেপিয়ে উত্তৰ পূৰ্বাঞ্চলত পৰিৱৰ্তন কৰাৰ লক্ষ্যৰে নিৰ্বাচনত নামি পৰিছে যদিও মেঘালয়ত সেই ঢৌ বোৱাবলৈ সক্ষম হোৱা নাই বুলি চৰ্চা আৰম্ভ হৈছে৷
তাৰ মাজতে মেঘালয়ৰ প্ৰাণ কেন্দ্ৰ শ্বিলং চহৰৰ এটা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী থিয় নকৰোৱাত দলটোৰ নেতা-কৰ্মীয়ে নাৰাজ হৈ একেলগে বিজেপি ত্যাগ কৰে৷