ডিজিটেল ডেস্কঃ বিজেপিৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক হৈ পৰিছে লিখক, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সাংসদ শশী থাৰুৰে৷ এইবাৰ বিজেপিয়ে লোকতন্ত্ৰক আঘাত হানিব বুলি চিন্তা জাহিৰ কৰাৰ পিছতেই পুনৰ চৰ্চালৈ আহে শশী থাৰুৰ৷ কেন্দ্ৰ শাসনৰ গাদীত অধিষ্ঠিত বিজেপি চৰকাৰে দুয়ো খন সদনত সংখ্যা গৰিষ্ঠতা লাভ কৰিলে লোকতন্ত্ৰৰ ক্ষতি হ’ব বুলি কয়৷
আগন্তুক নিৰ্বাচনৰ কথা উল্লেখ কৰি থাৰুৰে বিজেপিয়ে যদি দুয়োখন সদনত সংখ্যাগৰিষ্ঠতাৰ ধাৰা অটুত ৰাখে, তেন্তে লোকতন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব বুলি কয়। ইমানে নহয় বিজেপি দলে দেশখনক হিন্দু ৰাষ্ট্ৰ কৰিবৰ বাবে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰি আছে বুলিও মন্তব্য আগবঢ়াই কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে৷