ডিজিটেল ডেস্কঃ এটি মেচেদৰ ৰিপ্লাই পাবলৈ ধৈৰ্য ধৰিব লাগিব ২৪ বছৰ। এই মেচেজ মোবাইল নতুবা হোৱাটছএপৰ পৰা প্ৰেৰণ কৰা মেচেজ নহয়। সৌৰজগতৰ অন্য এক গ্ৰহৰ প্ৰাণীৰ উদ্দেশ্যে বিজ্ঞানীৰ এটা দলে যোৱা মাহত বতাহৰ নিচিনা সংকেতৰ জড়িয়তে বাৰ্তা প্ৰেৰণ কৰিছে৷

জ্যোতিৰ্বিজ্ঞানীৰ এটা দলে এই কথা সদৰি কৰি কয় যে পৃথিবীৰ পৰা ১২.৩৬ আলোকবৰ্ষ দূৰত থকা পৃথিৱী সদৃশ সেই গ্ৰহত যদি কোনো বুদ্ধিমান এলিয়েন আছে তেনেহলে তেওঁলোকে বাৰ্তাটো পাওতে লাগিব প্ৰায় ১২বছৰ৷

যদিহে তেওঁলোকে ইয়াৰ উত্তৰ প্ৰেৰণ কৰে সেই বাৰ্তাটো পৃথিৱী পাওঁতে লাগিব আৰু ১২ বছৰ৷ এইদৰে মুঠ ২৪ বছৰৰ মূৰতহে এই বাৰ্তাটোৰ উত্তৰ লাভ কৰিবলৈ সক্ষম হ'ব৷ এই বাৰ্তাৰ প্ৰত্যুত্তৰ লাভ কৰিলে অন্য গ্ৰহৰ প্ৰাণীৰ অস্তিত্বৰ বিষয়ে নিশ্চিত হ'ব পৰা যাব৷

সৌৰজগতৰ বাহিৰৰ পৃথিৱী সদৃশ গ্ৰহৰ নাম GJ-273B৷ লুইটেন নামৰ নক্ষত্ৰ এটাৰ সন্ধান কৰিবলৈ গৈ এখন নতুন সৌৰজগত আৱিষ্কাৰ কৰে যত মাত্ৰ দুটা গ্ৰহ আছে৷ বিজ্ঞানীসকলৰ দৃঢ় ধাৰণা যে যিহেতু গ্ৰহটো অবিকল পৃথিৱীৰ নিচিনা গতিকে তাত প্ৰাণী থকাৰ সম্ভাবনা আছে৷ চান ফ্ৰানসিসকোৰ METI ইণ্টাৰনেছনেলৰ প্ৰেচিডেণ্ট ডগলাচ ভাকোচে জনায় যে এই বাৰ্তাটোৰ উদ্দেশ্য হল ভবিষ্যতে অন্য গ্ৰহৰ সৈতে সম্ভৱ হলে সম্পৰ্ক স্থাপন কৰা৷