গুৱাহাটীঃ নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ তিনি বছৰীয়া বৰ্ষপূৰ্তিৰ উপলক্ষে আজি অসমত উলহ-মালহৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক মৌলিক প্ৰশ্নৰে ৰূপায়িত হৈছে প্ৰতিবাদী কাৰ্যসূচী। ক’লা পোচাক পৰিধান কৰি ৰাজ্যজুৰি মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীয়ে ৰূপায়ণ কৰিছে বিক্ষোভৰ কাৰ্যসূচী।
বালিপৰাঃ বালিপাৰাতো অব্যাহত আছে বিক্ষোভ। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত অাৰু চিটুৰ সহযোগত আজি বিয়লি ২ বজাৰ পৰা বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্য্যলয়ত এই বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।