51
ডিজিটেল ডেস্কঃ ক্ৰিকেটতো হ’ব পাৰে সংৰক্ষণ৷ অনুসূচীত জাতি আৰু জনজাতিৰ লোকৰ বাবে ক্ৰিকেটত সংৰক্ষণ বিচাৰি সৰৱ হ’ল কেন্দ্ৰীয় সামাজিক ন্যায় আৰু অধিকাৰৰ ৰাজ্যিক দপ্তৰৰ মন্ত্ৰী ৰামদাস আঠৱাল৷
নাগপুৰৰ এক অনুষ্ঠানত ক্ৰিকেট আৰু অনান্য খেলসমূহত দলিত আৰু অনুসূচীত জনজাতিৰ লোকসকলৰ বাবে ২৫% আসন সংৰক্ষণ কৰিব লাগিব বুলি দাবী কৰে মন্ত্ৰীজনে৷ এনে কৰিলে উক্ত সম্প্ৰদায়সমুহৰ বহু প্ৰতিভাই দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাব বুলিও উল্লেখ কৰে মন্ত্ৰীজনে৷