ডিজিটেল ডেস্কঃ ক্ৰিকেটতো হ’ব পাৰে সংৰক্ষণ৷ অনুসূচীত জাতি আৰু জনজাতিৰ লোকৰ বাবে ক্ৰিকেটত সংৰক্ষণ বিচাৰি সৰৱ হ’ল কেন্দ্ৰীয় সামাজিক ন্যায় আৰু অধিকাৰৰ ৰাজ্যিক দপ্তৰৰ মন্ত্ৰী ৰামদাস আঠৱাল৷

নাগপুৰৰ এক অনুষ্ঠানত ক্ৰিকেট আৰু অনান্য খেলসমূহত দলিত আৰু অনুসূচীত জনজাতিৰ লোকসকলৰ বাবে ২৫% আসন সংৰক্ষণ কৰিব লাগিব বুলি দাবী কৰে মন্ত্ৰীজনে৷ এনে কৰিলে উক্ত সম্প্ৰদায়সমুহৰ বহু প্ৰতিভাই দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাব বুলিও উল্লেখ কৰে মন্ত্ৰীজনে৷

আনহাতে কেইদিনমান পূৰ্বে হৈ যোৱা চেম্পীয়নচ ট্ৰফী সন্দৰ্ভতো মত প্ৰকাশ কৰে ৰামদাস আঠৱালে৷ তেওঁ কয় যে যদিহে ভাৰতীয় দলত উক্ত সম্প্ৰদায়ৰ খেলুৱৈ থাকিলে হয় তেতিয়া পাকিস্তানক পৰাজিত কৰিব পাৰিলে হয় ভাৰতে৷ ২৫% সংৰক্ষণ দিলে এই সম্প্ৰদায়সমুহৰ খেলুৱৈসকলক উৎসাহিত কৰা হ’ব বুলি মত প্ৰকাশ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীজনে৷ গতিকে এই কথাত বিৰোধীতাৰ কোনো থল নাই বুলি উল্লেখ কৰে মন্ত্ৰীজনে৷