82
নগাঁওঃ নগাঁৱৰ বেবেজীয়া আৰক্ষী পহৰা চকীৰ অন্তৰ্গত দক্ষিণপাটত শোকাৱহ ঘটনা সংঘটিত হয়৷ আজি দিনৰ ভাগত মাছ মাৰিবলৈ গৈ এটি কিশোৰৰ সলিল সমাধি ঘটাত অঞ্চলটোত শোকৰ ছাঁ পৰে৷
জানিব পৰা মতে, নগাঁও জিলাৰ দক্ষিণপাটৰ প্ৰফুল্ল দাসৰ ১৭ বছৰীয়া পুত্ৰ পলজিৎ দাসে কলং নৈত মাছ মাৰিবলৈ গৈছিল৷ কিন্তু মাছ মাৰি থাকোতে অসাৱধানবশতঃ ভৰি পিছলি কলং নৈত পৰাত কিশোৰটোৱে অকাল মৃত্যুক সাৱটি লয়৷