ডিমাকুছিঃ ৰাজ্য খনত নাৰী কেতিয়া সুৰক্ষিত হ’ব৷ এই প্ৰশ্নৰ উত্তৰ পোৱাটো এটিয়া জটিল হৈ পৰিছে৷ কিয়নো নাৰী আজিও নিৰ্যাতন, ধৰ্ষণৰ বলি আহিছে৷ অগপ, বিজেপি, বিপিএফৰ মিত্ৰ জোঁটে নিৰ্বাচনৰ পূৰ্বে নাৰীক সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হয়৷

নাৰীক সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা চৰকাৰ খনৰ দিনত এতিয়া নিতৌ ৰাজ্যত সংঘটিত হ’ব ধৰিছে নাৰীৰ ওপৰত অত্যাচাৰ৷ শনিবাৰে সংঘটিত সহ’ল বৰ্বৰ ঘটনা৷ ওদালগুৰি জিলাৰ ডিমাকুছিত এগৰাকী ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰী‌ ধৰ্ষণৰ বলি হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ওদালগুৰি জিলাৰ ডিমাকুছি চাহ বাগিচাত সংঘটিত হোৱা এই ঘটনাক সহজে লব পৰা নাই ৰাইজে৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতেই ডিমাকুছি আৰক্ষীয়ে অভিযান চলাই  কিশোৰী ধৰ্ষণকাৰী দুই অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়৷ ডিমাকুছি চাহ বাগিচাৰ প্ৰীতম চবৰ আৰু মচ’ মুণ্ডা নামৰ দুজন যুৱকক ধৰ্ষণ কাণ্ডৰ সৈতে জৰিত থকাৰ অভিযোগত আটক কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷