গুৱাহাটীঃ যোৱা কেবাটাও বছৰ ধৰি সংগীতৰ সাধনাত ব্যস্ত এজন যুৱক৷ সংগীত সাধনাত ব্যস্ত যুৱকজনে সংগীতৰ বাহিৰে আন একো বুজি নোপোৱা যুৱকগৰাকীয়ে সংগীতৰ জগতত নিজকে চিনাকী দিবলৈ সক্ষম হৈছে৷ সৰুৰেপৰা ঘৰত সংগীতৰ পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱা যুৱকগৰাকীয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি জনপ্ৰিয়তা লাভ কৰিছে৷

তাৰ মাজতে সংগীতৰ সাধনাত ব্ৰতি হৈ থকা যুৱকগৰাকীৰ এটি ভিডিঅ’ গান মুকলি কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ জানুৱাৰীৰ প্ৰাকক্ষণত উদিয়মান কন্ঠশিল্পী মিৰ্জা আলমে উপহাৰ দিছে ‘নাচাবা নাচাবা’ নামেৰ এটি সুন্দৰ গীত৷ প্ৰেম ভালপোৱাৰ কথাৰ শীৰ্ষক গীতটো ইতিমধ্যে সমাদৰ লাভ কৰিছে৷ কন্ঠশিল্পী মিৰ্জা আলমে কণ্ঠদান কৰা গীতটোৰ কথা আৰু সুৰ প্ৰসেনজিৎ লাহনৰ৷

বিকাশ বৰুৱাৰ সংগীত ব্যৱস্থাপনাত এম এন প্ৰডাকছনৰ বেনাৰত নিৰ্মিত গীতটোৱে জনপ্ৰিয়তা লাভ কৰিছে বুলি জানিব পৰা গৈছে৷ ইউটিউবত মুকলি কৰা গীতটোত সিদ্ধাৰ্থ, ৰিষ্ণা, মিৰ্জা আৰু নাজিয়াই অভিনীয় কৰিছে৷ ফেচবুক, ইউ ডিউবৰ লগতে স্থানীয় টিভি চেনেলত প্ৰচাৰ হোৱা দেখা গৈছে গীতটো৷

শিল্পী মিৰ্জা আলমে সংগীতৰ জগতত খোজ পেলাই নিৰলস চেষ্টাৰে পূৰ্বে কেইবাটাও গীতত কণ্ঠদান কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিছে৷ শেহতীয়াকৈ সমাদৰ লাভ কৰা ‘নাচাবা নাচাবা’ শীৰ্ষক ভিডিঅ’ গীতটোৰ কন্ঠ শিল্পী ইঞ্জিনিয়াৰিঙৰ স্নাতক মিৰ্জা আলমে পুণৰ সংগীতৰ কামত ব্যস্ত হৈ পৰা বুলি জানিব পৰা গৈছে৷