54
মিৰ্জাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চুৰি কাৰ্যৰে সন্ত্ৰাসৰ সৃষ্টি কৰি অহা তিনি দুৰ্ধৰ্ষ চোৰ অৱশেষত জালত পৰিল পলাশবাৰীৰ আৰক্ষীৰ।
শেহতীয়াভাৱে দক্ষিণ কামৰূপৰ বিভিন্ন স্থানত একাধিক গাড়ী চুৰি, ব্যৱসায়িক প্ৰতিষ্ঠানত লুট-পাত, গৰু চুৰি আদিৰে সন্ত্ৰাসৰ সৃষ্টি কৰি মইনুল হক (৩৩), ছাহজাহান আলী (২৮), নবিচাহ আলী (৫০) নামৰ তিনি দুৰ্ধৰ্ষ চোৰক পলাশবাৰী আৰক্ষীয়ে কৰায়ত্ত কৰি জেৰা অব্যাহত ৰাখিছে।