ডিজিটেল ডেস্ক |নগাঁওঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন জগতত বলিষ্ঠ আৰু সফল পদক্ষেপ দি, প্ৰতিভাৰ নিদৰ্শন তুলি ধৰি অসমৰ নাম উজ্জ্বলাবলৈ সক্ষম হোৱা "সৰ্বভাৰতীয়  গ্লেমন মিচ প্ৰতিযোগিতাৰ" মিচ কেটৱক সুষমা কোঁৱৰক আজি ফাৰেউ নিউজৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়। 

উক্ত সম্বৰ্ধনা অনুষ্ঠানত ফাৰেউ নিউজৰ সভাপতি বাদল মুনি, ফাৰেউ নিউজৰ উপদেষ্টা প্ৰভাত দাৰফাং, সদৌ তিৱা ছাত্র সন্থাৰ উপদেষ্টা প্ৰহ্লাদ মছৰং, তিৱা ভাষা শিক্ষক তিলক লালুং আৰু ফাৰেউ নিউজৰ সম্পাদক অজয় হোকাই উপস্থিত থাকে।

ফাৰেউ নিউজৰ তৰফৰ পৰা সুষমা কোঁৱৰক এখনি ফালি আৰু এখন অভিনন্দন পত্ৰৰে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতত অধিক উত্তৰণৰ বাবে উদগনি যোগায়। 

নগাঁও জিলাৰ, ৰহাৰ ৰূপহীতলি গাঁওৰ সুষমা কোঁৱৰে, যোৱা ২ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ নতুন দিল্লীত অনুষ্ঠিত "সৰ্বভাৰতীয় গ্লেমন মিচ প্ৰতিযোগিতাত"ত অংশগ্ৰহণ কৰি "শ্ৰেষ্ঠ কেটৱক প্ৰতিযোগিৰ" খিতাপ অৰ্জন কৰিছিল।

ভাৰতৰ ২৫ খন ৰাজ্যৰ প্ৰায় মুঠ ১০০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগীতা খনত সফলতাৰ মুকুট পিন্ধা সুষমা কোঁৱৰ হ'ল, ৰহাৰ ৰূপহীতলিৰ জুনু কোঁৱৰ আৰু পবিত্ৰ কোঁৱৰৰ জীয়ৰী।