newsnextone.com | খাৰুপেটীয়াঃ এমাহে ঘৰলৈ উভতি অহা নাই এগৰাকী পিতৃ ৷ মৰমৰ পিতৃক বিচাৰি এতিয়া হায়ৰাণ হৈ পৰিছে দুৰ্ভগীয়া পৰিয়াল৷ ঘৰলৈ উভটি আহিব বুলি আশাৰে বাট চাই ৰৈছে পৰিয়ালে৷ পিতৃ চকুৰ আঁৰ হ’লেই থাকিব নোৱাৰা পৰিয়ালে এতিয়া লঘোণে-ভোকে থাকি বুকুত একুৰা জীয়া জুই লৈ ব্যাকুল হৈ পৰিছে৷ একেই পৰিবেশ আন এটা পৰিলায়ত। সেই পৰিয়ালটোৰ এগৰাকী যুৱতীৰ যোৱা এমাহ ধৰি কোনো খবৰ নাই। এতিয়া দুয়োটা পৰিয়ালৰ দিন নাযায় ৰাতি নুপুৱাই। চিন্তাত সময় বোৰ পাৰ কৰিছে।
দৰং জিলাৰ এগৰাকী যুৱতী আৰু এগৰাকী বৃদ্ধ প্ৰায় এমাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। দৰং জিলাৰ বেছিমাৰী আৰু হিৰাপাৰা গাঁৱৰ দুজকৈ লোক যোৱা এমাহে নিৰুদ্দেশ হৈ থকাৰ তথ্য পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত দুয়োটা পৰিয়ালে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে সন্ধান উলিয়াব পৰা নাই দুয়ো গৰাকী লোকৰ শুংসুত্ৰ।