ডিজিটেল ৰিপ’ৰ্টঃ যোৱা দুই তিনি বছৰৰ পৰা এখন অসমীয়া ছবিয়ে চাৰিওঁফালে চৰ্চিত হৈ আছে, বিহু মঞ্চৰ পৰা সংবাদ মাধ্যমলৈ, ছ’চিয়েল মিডিয়াৰ পৰা গাঁৱৰ চুক-কোণলৈ। হয় আৰু এই চৰ্চা এতিয়া তুংগত কাৰণ জুবিন গাৰ্গৰ মহা আয়োজন ‘মিছন চাইনা’ৰ মুক্তিৰ দিন লাহে লাহে কাষ চাপি আহিছে।
ছবিখনৰ পোষ্টাৰ, টিজাৰ,ট্ৰেইলাৰে ছ’চিয়েল মিডিয়া, বৈদ্যুতিক মাধ্যম, ছপা মাধ্যম সকলোতে চৰ্চিত হৈ আছে। বিশেষকৈ ছবিখনৰ টিচাৰটোৱে দৰ্শকৰ পৰা অপাৰ সহাৰি লাভ কৰিছে। ছুপাৰহিট গান “দিন জ্বলে ৰাতি জ্বলে” গানটো যোৱা বহুদিনৰ পৰা মানুহৰ মুখে মুখে আছিল। গীতটোৰ ভিডিঅটো মুক্তি দিয়াৰ পিছত উৎসাহ-উৎকন্ঠা দুগুণে বাঢ়িছে ছবিখনক লৈ।