নগাঁওঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বপ্নৰ ভাৰত নিৰ্মাণৰ আঁচনিৰ অন্যতম পদক্ষেপ হিচাপে সোমবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে ৰূপায়ণ কৰা হৈছে ‘মিছন সম্ভৱ’ শীৰ্ষক অভিলাষী আঁচনি৷
২০১৮ বৰ্ষৰ ভিতৰত অসমক এখন মুকলি মলত্যাগ ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে লোৱা এই পদক্ষেপ অনুযায়ী বৰ্তমানেও শৌচালয় নথকা মুঠ এক লাখ উপভোক্তাৰ বাবে একোটাকৈ শৌচালয় নিৰ্মাণৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে৷ ইয়াৰ অংশ হিচাপে সমগ্ৰ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অহা ১০ দিনৰ ভিতৰত ‘মিছন সম্ভৱ–২০১৮’ ৰ অধীনত নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু নগাঁও জিলা পানী আৰু অনাময় সমিতিৰ দ্বাৰা মুঠ ৪ হাজাৰটা শৌচালয় নিৰ্মাণ কৰি তোলাৰ লক্ষ্যৰে আজি ইয়াৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয়৷