কোকৰাঝাৰঃ বিটিএডিৰ ৰাজনীতিত বিশেষ ভূমিকা পালন কৰি অহা বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ দুখন কেন্দ্ৰীয় সমিতি গঠন কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আমিনুৰ ৰহমানৰ নেতৃত্বত বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰএমচিৰ সমান্তৰাল কেন্দ্ৰীয় সমিতি গঠন কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰএমচিৰ মূল সমিতিয়ে৷
কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত আৰএমচিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ৰিজাউল হক সৰকাৰে প্ৰতিক্ৰিয়া আমিনুৰ ৰহমানক সভাপতি আৰু ছেলিম খানক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা আৰএমচিৰ সমান্তৰাল কেন্দ্ৰীয় সমিতি খনক অসাংবিধানিক তথা অবৈধ বুলি আখ্যা দিয়ে৷