ডিজিটেল ৰিপ'ৰ্টঃ নিৰ্দিষ্ট  লক্ষ্য আৰু প্ৰতিভা থাকিলে জীৱনত সফলতা নিশ্চিত। এই কথাষাৰক সত্য প্ৰমাণিত কৰিছে নলবাৰীৰ মিতু ৰয় কলিতাই। নলবাৰীৰ জীয়ৰী মিতু এতিয়া ভৱানীপুৰৰ বোৱাৰী।

বিবাহৰ পূৰ্বৰে পৰা তেওঁৰ ফেশ্যন আৰু নৃত্যত খুবেই ৰাপ আছিল। পিছে সময়-সুবিধাৰ বাবে তেওঁ আগবাঢ়িব পৰা নাছিল।

কেইমাহমান আগতে বিবাহিত মহিলাসকলৰ বাবে অনুষ্ঠিত ফেশ্যন প্ৰতিযোগিতা 'মিছেছ ইণ্ডিয়া হোমমেকাৰ্ছ ২০১৭"ৰ বিষয়ে তেওঁ জানিব পাৰে। অকণো বিলম্ব নকৰি লগে লগে তেওঁ উক্ত প্ৰতিযোগিতাত যোগদান কৰে।

কেৱল যোগদান কৰাই নহয়, প্ৰথমবাৰতে তেওঁ অৰ্জন কৰে সফলতা। প্ৰথমবাৰ প্ৰতিযোগিতাত যোগ দিয়ে  'মিছেছ ইণ্ডিয়া হোমমেকাৰ্ছ ২০১৭" শীৰ্ষক খিতাপ দখল কৰি উৎফুল্লিত হৈ পৰিছে মিতু।

ইয়াৰ আগত তেওঁ কোনো ফেশ্যনৰ প্ৰতিযোগিতাত ভাগ লোৱা নাছিল। তেওঁৰ  এই সফলতাত পৰিয়ালৰ প্ৰতিজন সদস্যই গৌৰৱ অনুভৱ কৰিছে। 

পিতৃ সুৰেন্দ্ৰ নাথ ৰয় আৰু মাতৃ জয়া ৰয় কন্যাৰ এই সফলতাত অতিশয় আনন্দিত হৈ পৰিছে। মিতুৰ এই সাফল্যত সকলোতকৈ অধিক আনন্দিত হৈ পৰিছে স্বামী মনোৰঞ্জন কলিতা।

আনহাতে এই সাফল্যৰ বাবে সমস্ত কৃতিত্ব স্বামীকে দিব বিচাৰিছে মিতুৱে। স্বামীৰ উৎসাহতেই প্ৰতিযোগিতাখনত ভাগ লৈছিল মিতুৱে। 

কোলাত এটি কণমানি কেচুৱা আছে বাবে কিছুদিন ফেশ্যনৰ ক্ষেত্ৰখনৰ পৰা আতৰত থাকি পুনৰ মনোনিৱেশ কৰিব বুলি এই প্ৰতিবেদকক জানিবলৈ দিছে মিতুৱে। উল্লেখ্য যে, মৃদুভাষী মিতু ৰয় পেছাত এগৰাকী শিক্ষয়ত্ৰী। প্ৰতিযোগিতাখনত ভাগ লোৱাৰ সময়ত অন্তঃসত্বা আছিল বুলিও জানিবলৈ দিছে মিতুৱে। ইয়াৰ কেইমাহমান পিছতে মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হয় মিতু।

জানিব পৰা মতে, এগৰাকী মডেল হ'বলৈ বুলি তেওঁ  প্ৰতিযোগিতাখনত ভাগ লোৱা নাছিল। মাত্ৰ সৰুৰে পৰা আগ্ৰহ থকা ক্ষেত্ৰখনত সফল হ'ব পাৰে নে নোৱাৰে সেয়া এবাৰ পৰীক্ষা কৰি চাবলৈকেহে প্ৰতিযোগিতাখনত ভাগ লৈছিল মিতুৱে।