নলবাৰীঃ নলবাৰীৰ বৰসৰকুছি-বৰধনতোলা পথৰ বুধবাৰে আধাৰশিলা স্থাপন কৰে নলবাৰীৰ বিধায়ক বিধায়ক অশোক কুমাৰ শৰ্মাই।
বিজেপি নেতা জয়ৰাম বৰ্মনে আতঁ ধৰা এক অনুষ্ঠানত গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা দেৱেশ চক্ৰৱতী, কনিষ্ঠ অভিযন্তা মুনিন্দ্ৰ বৰ্মন, পঞ্চায়ত সভানেত্ৰী কল্পনা দাস, বিজেপি নেতা বীৰেন দাস, কুলদ্বীপ মালাকৰ, হিতেশ হালৈ, জোন বৰ্মন, পুলক বৰ্মন, ঠিকাদাৰ অৰুপ বেজবৰুৱা সহ বহু সংখ্যক ৰাইজৰ উপস্থিতিত বিধায়ক অশোকে পথটোৰ আধাৰশিলা স্থাপন কৰে।