গুৱাহাটীঃ দীৰ্ঘ দিনে অসমৰ বাহিৰত অভিযন্তা হৈ থাকিও আপোন জাতিৰ হকে মাত মাতি যোৱা জাতীয়তাবাদৰ হোতা, সংগ্ৰামী নেতা মুকুল মহন্তৰ বুধাবাৰে মৃত্যু হয়৷ আলফাই গঠন কৰি দিয়া পিচিজৰ অন্যতম সদস্য তথা ভাৰত চৰকাৰৰ সৈতে আলফাক আলোচনাত বহাবলৈ অপ্ৰাণ চেষ্টা কৰা মুকুল মহন্ত জাতীয়তাবাদৰ এগৰাকী প্ৰৱক্তাস্বৰূপ আছিল৷
বিদেশত অভিযন্তা হৈ থাকি অসমৰ বিভিন্ন সমস্যাৰ হৈ মাত মাতি গৈছিল তেওঁ৷ নিৰ্ভীক, স্পষ্টবাদী, আপোন জাতিৰ হৈ মাত মাতিবৰ বাবে আপোচ নকৰা মুকুল মহন্তৰ গুৱাহাটীৰ মঠঘৰীয়া নিজ বাসভৱনত মৃত্যুক আকোৱালি লয় বুধবাৰে৷