গুৱাহাটীঃ ফেচবুক। বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ছ'চিয়েল নেটৱকিং ছাইট। কি ডেকা, কি বুঢ়া সকলোৱে এতিয়া ফেচবুকক লৈ ব্যস্ত।

এনেহেন সময়ত আমাৰ বিধায়কসকলেনো পিছপৰি ৰয় কিয়! থাকক বিধানসভাৰ অধিৱেশন,থাকক বাজেট অধিৱেশন। ৰাইজৰ অভাৱ-অভিযোগনো আৰু কিমান শুনিব।

অনুৰাগী, সমৰ্থক আৰু সমষ্টিবাসী ৰাইজক বিধানসভাৰ মজিয়াখনকে এপাক দেখুৱাবলৈ বুলি  বাজেট অধিবেশন চলি থাকোতেই 'ফেচবুক'ত লাইভ কৰাত ব্যস্ত হ'ল এআইইউডিএফৰ ধিঙৰ বিধায়ক আমিনুল ইছলাম। এবাৰলৈ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে বিধানসভাৰ অধ্যক্ষৰ অনুমতি লোৱাৰ। 

বিধায়কজনৰ এই 'ফেচবুক লাইভ'ক লৈ ইতিমধ্যে ফেচবুকত বহুজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে। ৰাইজৰ অভাৱ-অভিযোগ বিধানসভাৰ মজিয়াত উত্থাপন কৰাৰ পৰিৱৰ্তে এনেদৰে 'ফেচবুক লাইভ' কৰি সময় অতিবাহিত কৰা কাৰ্যক সহজভাৱে ল'ব পৰা নাই সমষ্টিবাসীয়ে।