গুৱাহাটীঃ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা তিনিটা কাৰ্যকালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে মঙলবাৰে গোচৰ তৰে জাগীৰোডৰ বিধায়ক পীয়ুষ হাজৰিকাই। মহানগৰীৰ দিছপুৰ থানাত গোচৰ তৰে বিধায়কগৰাকীয়ে।
ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত থকা কালত বিভিন্ন কেলেংকাৰীৰ পৰা ৰক্ষণা-বেক্ষণ দিয়া বুলি দুদিন পূৰ্বে মন্তব্য প্ৰকাশ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷ তাৰ পিছতেই ৰাজহুৱা মন্তব্যৰ কৰাৰ বাবে গগৈৰ বিৰুদ্ধে গোচৰ তৰে বিধায়ক পীয়ুষে।