মঙলদৈঃ পথাৰ এখনৰ চৌদিশে মানুহ৷ মানুহবোৰ গোট খাইছে এজন মানুহক চাবলৈ৷ উৎসুক সেই মানুহবোৰৰ মাজৰ একাংশৰ হাতে হাতে দামী মোবাইল, পিন্ধনত দামী কোপোৰ৷ উৎসুকতাৰে ৰৈ থকা লোকসকলে চাব বিচৰা মানুহজন কিছু সময় পাছত আহি পথাৰত ভৰি থলেহে, মাত্ৰ তাৰ পাছতে একাংশ লোক ব্যস্ত হৈ পৰিল মানুহজনৰ ফটো তোলাত৷
মানুহজনে এখন নতুন ধূতি আৰু এটি দামী কামিজ পিন্ধি বাৰিষাৰ বোকা পানীৰ পথাৰত নামিছে৷ মানুহজনে পিন্ধি অহা নতুন কাপোৰৰ ষ্ট্ৰীৰ ভাজ মৰাই নাই৷ মূৰত এখন গামোছা মেৰিয়াই কেতিয়াবা বলধেৰে মানুহজনে হাল বাইছে আৰু কেতিয়াবা ৰোৱনীৰ সৈতে ভূঁই ৰুইছে৷