মোৰাঝাৰঃ হোজাই জিলা কৃষি বিভাগৰ উদ্যোগত শুকুৰবাৰে কপাহবাৰীত ডিবৰু নৈৰ বাঢ়নী পানীয়ে চলোৱা তাণ্ডৱত ক্ষতিগ্ৰস্ত কৃষকসকলৰ মাজত বিনামূলীয়াকৈ চৰকাৰী বীজ বিতৰণ কৰা হয়।
কপাহবাৰী বজাৰত অনুষ্ঠিত বীজ বিতৰণী সভাৰ সভাপতিত্ব কৰে স্থানীয় উদীয়মান কৃষক ইব্ৰাহীম আলীয়ে । সভাত হোজাই জিলা কৃষি বিষয়া নিতাই চন্দ্ৰ দাস, ডবকা ৰাজহ চক্ৰ বিষয়া অনূসিয়া শৰ্মা ,চৌধৰী বজাৰ চক্ৰ কৃষি উন্নয়ন বিষয়া ৰাজদীপ কাথাৰ, কৃষি সম্প্ৰসাৰণ সহায়ক পনিদ্ৰ নাথ উপস্থিত থাকি প্ৰায় তিনি শতাধিক বানত ক্ষতিগ্ৰস্ত কৃষকক বীজ প্ৰদান কৰে।