ডিজিটেল ডেস্কঃ ম’বাইল গেমত মগ্ন হৈ থাকোতে দূৰ্ঘটনাগ্ৰস্ত হোৱাৰ ঘটনা প্ৰায়ে শুনিবলৈ পোৱা যায়। কিন্তু এনে ম’বাইল গেম থকা বুলি আপুনি বিশ্বাস কৰিবনে যিয়ে আত্মহত্যাৰ বাবে প্ৰৰোচনা কৰে। তেনেই এক ম’বাইল গেমৰ কথা শেহতীয়াকৈ চৰ্চালৈ আহিছে ৰাছিয়াত।
আমোদৰ এক অন্যতম আহিলা হিচাবে পৰিগণিত হোৱা ম’বাইল গেমেই আপোনাৰ মৃত্যুৰ কাৰণ হ’ব পাৰে। ৰাছিয়াত ‘ব্লু হোৱেল’ খেলৰ বাবে এতিয়ালৈ প্ৰাণ হেৰুৱাইছে প্ৰায় ১৩০ জন ব্যাক্তিয়ে৷ মেট্ৰ’ নামৰ ৱেবচাইটটোত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য৷