গুৱাহাটীঃ মহানগৰীৰ মাজ মজিয়াৰ বেলতলাৰ পৰা ৫ লাখ টকা লুটি নিয়াৰ ৩০ ঘন্টা পাৰ নৌহওতেই এইবাৰ আক্ৰমণৰ সন্মুখীন হ’ল এগৰাকী মডেল৷ আগশাৰীৰ মডেলিং প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা মডেলক আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে মহানগৰীৰ মাজমজিয়াত৷ জানিব পৰা মতে, ভঙা ঘৰৰ মিজোৰাম হাউচৰ সমীপত এই আক্ৰমণ সংঘটিত হয়৷
প্ৰায় বিশগৰাকী উদণ্ড লোকে মডেলগৰাকীক আক্ৰমণ কৰে৷ মডেল তথা খেলুৱৈই কৃষ্টি দাসকে নহয় তেওৰ পিতৃ পৰিমল দাসকো লোৰ ৰদেৰে বেয়াকৈ প্ৰহাৰ কৰে৷ দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত লেবেজান হৈ পৰে মডেল কৃষ্টি আৰু পিতৃ পৰিমল৷ দুৰ্বৃত্তৰ দলটোৱে মাটি বেদখল কৰিব অহা বুলি অভিযোগ উত্থাপিত হয়৷