60
ডিজিটেল ডেস্কঃ ইনষ্টাগ্ৰামত মৃত্যুৰ লাইভ ষ্ট্ৰিমিং কৰিলে সুন্দৰীয়ে৷ ইউক্ৰেণৰ ১৬ বছৰীয়া সুন্দৰী তথা মডেল ছোফীয়া ম্যেগেৰ্কে ইনষ্টাগ্ৰামত লাইভ ষ্ট্ৰিমিং কৰি থাকোতেই সাবটি লয় মৃত্যুক৷ নিশা গাড়ীত বন্ধুৰ সৈতে গৈ থাকোতেই লাইভ কৰি আছিল মডেলগৰাকীয়ে।
তেতিয়াই গাড়ীখনে বিদ্যুতৰ খুঁটা এটাত খুন্দা মাৰে৷ ফলত ঘটনাস্থলীতে মৃত্যু হয় মডেলগৰাকীৰ৷ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সুৰাসক্ত অৱস্থাত আছিল মডেলগৰাকী৷