49
নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিছুসময় পূৰ্বে কেবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কৰ’না সন্দৰ্ভত ভিডিঅ’ কনফাৰেঞ্চিংযোগে আলোচনাত মিলিত হয়। এই আলোচনাকালত ৩ মে’ৰ পিছতো দেশত লকডাউন অব্যাহত থাকিব।
অৱশ্যে এই লকডাউন অধিকভাৱে সংক্ৰমিত হোৱা অঞ্চলসমূহতহে কঠোৰভাৱে ৰূপায়ণ কৰিব বুলিও সদৰী কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। লকডাউন স্তৰ অনুযায়ী উঠাই দিবলৈ চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে বুলিও বৈঠকত জনায় মোদীয়ে।